Tuesday, 21 June 2016

জৰুৰীকালীন অৱস্থা আৰু সংবাদ মাধ্যম - ৰিংকুমণি পাঠক

 ২৫ জুন, ১৯৭৫ চন- তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰাজনৈতিক ভৱিষ্যত সংকটাপন্ন হোৱাত দেশত ঘোষণা কৰা হৈছিল আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা। একমাত্ৰ ইন্দিৰা গান্ধীৰ গাদীক সুৰক্ষিত কৰাৰ স্বাৰ্থত জাৰি কৰা হৈছিল এই জৰুৰীকালীন অৱস্থা। দেশবাসীৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে ইয়াৰ উদ্দেশ্য জড়িত নাছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত দমন-নিৰ্যাতনৰ অন্যতম লক্ষ্য হৈ পৰিছিল সংবাদ মাধ্যম। কাঢ়ি লোৱা হৈছিল বাক্ স্বাধীনতা। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশৰ চৰকাৰখনে সংবাদ মাধ্যমৰ ওপৰত জাপি দিছিল কেতবোৰ অগণতান্ত্ৰিক বাধ্যবাধকতা আৰু নিৰ্দেশনা। এনে স্বৈৰাচাৰিতাৰ বিৰুদ্ধাচৰণ কৰাসকল বলি হৈছিল চৰকাৰী নিৰ্যাতনৰ।
  জৰুৰুীকালীন অৱস্থা ঘোষণাৰ লগে লগে সংবাদপত্ৰসমূহৰ ওপৰত বিভিন্ন আক্ৰমণ আৰম্ভ হৈছিল। নিশাই কাকতসমূহৰ কাৰ্যালয়ত বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল। সেয়ে ২৬ জুনৰ দিনা মাত্ৰ কেইখনমান কাকতহে প্ৰকাশ পাইছিল। জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিছতে জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, চন্দ্ৰশেখৰ আদিৰ দৰে প্ৰভাৱশালী নেতাৰ লগতে শ শ বিৰোধী নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু এই ঘটনাক ব্লেক আউট কৰিবলৈ কাকতসমূহৰ ওপৰত হেঁচা দিয়া হৈছিল। গণতান্ত্ৰিক মূল্যবোধক মষিমূৰ কৰি চৰকাৰী পক্ষই সংবাদ মাধ্যমৰ ওপৰত জাপি দিছিল চেন্সৰশ্বিপ। প্ৰতিখন বাতৰিকাকত প্ৰকাশৰ পূৰ্বে চৰকাৰে পৰীক্ষা কৰিছিল। অৰ্থাত কাকত এখনত কোনটো বাতৰি প্ৰকাশ পাব বা নাপাব, তাক চৰকাৰেহে নিৰ্ধাৰণ কৰিছিল। সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা এনে নিকৃষ্ট পন্থাৰ বিৰুদ্ধে বলিষ্ঠভাৱে মাত মাতিছিল The Indian Express’  আৰু  ‘The Statesman’ ৰ দৰে বাতৰিকাকতসমূহে। চেন্সৰ হোৱা বাতৰিৰ স্থানসমূহ এই কাকত দুখনে প্ৰতিবাদ স্বৰূপে উকা ৰাখিছিল। সেয়ে চৰকাৰী ৰোষৰ বলি হবলগীয়া হৈছিল এই দুখন কাকত। দুয়োখন বাতৰিকাকতৰ ওপৰত জাপি দিয়া হৈছিল অনেক অভিসন্ধিমূলক অভিযোগ। প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰোৱে ১৯৭৬ চৱৰ ২৪, ২৬ জুলাই আৰু ৯ আগষ্টত তিনিখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল। এই বিজ্ঞপ্তি তিনিখনেৰে Indian Express ৰ স্বত্বাধিকাৰী ৰামনাথ গোৱেংকাৰ বিৰুদ্ধে থকা বিচাৰাধীন গোচৰসমূহ ৰাজহুৱা কৰা হৈছিল। পি আই বিৰ দৰে চৰকাৰী সংস্থা এটাৰ এই কাৰ্য সম্পূৰ্ণ আক্ৰোশমূলক আছিল। চৰকাৰে Statesman  কাকতখনৰ বিৰুদ্ধে নিউজ প্ৰিণ্ট ক্ৰয়ত অনিয়মৰ অভিযোগ উথ্থাপন কৰিছিল। এনে স্বৈৰতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে মাত মতা কাকত তথা সাংবাদিকসকলৰ বিৰুদ্ধে চলিছিল বিভিন্ন চৰকাৰী হাৰশাস্তি। চৰকাৰৰ অত্যাচাৰৰ বলি হব লগা হৈছিল দেশৰ লগতে বিদেশৰো বহু সত্ আৰু নিষ্ঠাৱান সাংবাদিক। Seminar আৰু The Mainstreamৰ দৰে কিছুসংখ্যক আলোচনীয়ে চেন্সৰশ্বিপৰ সন্মুখীন হোৱাৰ সলনি প্ৰকাশ বন্ধৰ সিদ্ধান্ত লৈছিল। Prevention of Publication of Objectionable Matter Act খন সংবাদ মাধ্যমক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ অপপ্ৰয়োগ কৰা হৈছিল। ইন্দিৰা গান্ধীয়ে আন কেতবোৰ নিকৃষ্ট পন্থাও অৱলম্বন কৰিছিল। সম্পাদক-সাংবাদিক বা কাকত কৰ্তৃপক্ষক বিভিন্ন ভয়-ভাবুকি দিয়া হৈছিল। কৰ সম্পৰ্কীয় ভুৱা অভিযোগ, নিউজ প্ৰিণ্টৰ আবণ্টনৰ পৰিমাণ হ্ৰাস, সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক কাৰাবাসৰ ভাবুকিৰে ইন্দিৰা গান্ধী আৰু তেওঁৰ অনুগতসকলে ব্লেকমেইলিং আৰম্ভ কৰিছিল। সংবাদ মাধ্যমৰ ওপৰত এনেধৰণৰ হস্তক্ষেপ ব্ৰিটিছৰ দিনতো ঘটা নাছিল। তদুপৰি স্বাধীনতাৰ পৰৱৰ্তী কালত বহু দেশৰ তুলনাত ভাৰতৰ সংবাদ মাধ্যমে অধিক স্বাধীনতা উপভোগ কৰিছিল। কিন্তু জৰুৰীকালীন অৱস্থাই এই স্বাধীনতাক মষিমূৰ কৰি পেলায়। ৰাজনৈতিক আক্ৰোশৰ বলি হয় গণতন্ত্ৰ চতুৰ্থ স্তম্ভ।
  যিসকল সাংবাদিকৰ সততাই ইন্দিৰা গান্ধীৰ স্বাৰ্থত আঘাত হানিছিল, তেওঁলোকক ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৭৭ চনত জনতা চৰকাৰে প্ৰকাশ কৰা শ্বেতপত্ৰ মতে জৰুৰীকালীন অৱস্থাৰ সময়ত মুঠ ২৫৩ গৰাকী সম্পাদক-সাংবাদিকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে ১১০ গৰাকীক MISA ( Maintenance of Internal Security Act) ৰ আধাৰত গ্ৰেপ্তাৰ কৰি এবছৰৰ বাবে জিম্মাত ৰখা হৈছিল। ৬০ গৰাকী সাংবাদিকক DISIR ( Defence and Internal Security of Indian Rules) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱা সাংবাদিকসকলৰ ভিতৰত আছিল কুলদীপ নায়াৰ, কে আৰ মালকানী, কে আৰ সুন্দৰৰাজন আদি বিশিষ্ট সাংবাদিক। ইয়াৰ উপৰি চৰকাৰে ৫১ গৰাকী সাংবাদিকৰ স্বীকৃতি বাতিল কৰিছিল। ভাৰতত থকা বহু বিদেশী সাংবাদিকেও চৰকাৰৰ অত্যাচাৰ ভোগ কৰিছিল। সাতগৰাকী বিদেশী সাংবাদিকক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ২৭ গৰাকী সাংবাদিকৰ ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। Newsweek নামৰ কাকতখন ভাৰতত নিষিদ্ধ কৰা হৈছিল। কাৰণ কাকতখনে ১৯৭৫ চনৰ ৭ জুলাইৰ সংখ্যাত India’s iron first  কেপশ্বনেৰে ইন্দিৰা গান্ধীৰ ফটো এখন প্ৰকাশ কৰিছিল। লণ্ডনৰ Economist  বাতৰিকাকতখনে The Son Also Rises বুলি সঞ্জয় গান্ধী সম্পৰ্কে বাতৰি পৰিৱেশন কৰা বাবে ভাৰতত নিষিদ্ধকৰণৰ বলি হৈছিল। স্বীকৃতি বাতিল হোৱা আৰু বিদেশী কাকতত সংবাদসেৱা কৰা সাংবাদিকসকলক দুমাহৰ ভিতৰত চৰকাৰী আবাস ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।
  দেশৰ টেলিভিশ্বন আৰু ৰেডিঅ প্ৰচাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ চৰকাৰী নিয়ন্ত্ৰণত আছিল। সেই সুযোগতে এই মাধ্যম দুটাত আৰম্ভ হৈছিল চূড়ান্ত অৰাজকতা। এ বি পি নিউজৰ এক অনুষ্ঠানত সেই সময়ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালে প্ৰকাশ কৰা মতে ইন্দিৰা গান্ধীৰ জ্যেষ্ঠপুত্ৰ সঞ্জয় গান্ধীয়ে আকাশবাণী আৰু দূৰদৰ্শনৰ নিউজ বুলেটিনসমূহ সম্প্ৰচাৰৰ পূৰ্বে চাব বিচাৰিছিল। প্ৰধানমন্ত্ৰী গান্ধীয়েও একেই নীতিবহিৰ্ভূতভাৱে হেঁচা প্ৰয়োগ কৰিছিল।১৯৭৫ চনৰ ২৬ জুনৰ এক সভাত ইন্দিৰা গান্ধীয়ে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ কেতবোৰ নীতি নিৰ্দেশনা কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰিছিল। এই সভাতে প্ৰেছ কাউন্সিল ভংগৰ সিদ্ধান্ত লোৱা হৈছিল। চাৰিটা ব্যক্তিগত এজেন্সী- প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া,ইউনাইটেট নিউজ অৱ ইণ্ডিয়া, হিন্দুস্তান সমাচাৰ আৰু সমাচাৰ ভাৰতীক বলপূৰ্বকভাৱে সমাচাৰ নামেৰে এটা এজেন্সীলৈ  ৰূপান্তৰিত কৰিছিল। সংবাদ মাধ্যমক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি ইন্দিৰা গান্ধীয়ে জনমানসত তেওঁৰ লগতে সঞ্জয় গান্ধীৰ উজ্জ্বল ভাৱমূৰ্তি গঢ়িব বিচাৰিছিল। জৰুৰীকালীন অৱস্থাৰ গ্ৰহণযোগ্যতাক প্ৰতিপন্ন কৰাটোও তেওঁৰ উদ্দেশ্য আছিল।

  জৰুৰীকালীন অৱস্থাত সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণৰ তদন্ত কৰিবলৈ ১৯৭৭ চনৰ ২১ মেত এম কে দাসকলৈ এখন এজনীয়া কমিটী গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰসমূহৰ অসহযোগে কমিটীৰ তদন্তক বাধা প্ৰদান কৰিলেও ইয়াৰ ভিত্তিত প্ৰকাশিত শ্বেতপত্ৰখনে বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছিল। এই সময়ত সংবাদ মাধ্যমৰ ওপৰত চলা দমনমূলক নীতি সম্পৰ্কে এই শ্বেতপত্ৰই যথেষ্ট তথ্য যোগান ধৰে। জৰুৰীকালীন অৱস্থাই ভাৰতীয় সংবাদ মাধ্যমৰ গতি আৰু প্ৰকৃতিৰ ওপৰত ব্যাপক পৰিৱৰ্তন সাধন কৰে। ভাৰতত সাংবাদিকৰ সুৰক্ষাৰ প্ৰশ্নটোৱেও প্ৰাধান্য লাভ কৰিবলৈ ধৰে। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ নিকৃষ্ট উদাহৰণ হিচাপে এই সময়ছোৱাকে গ্ৰহণ কৰি অহা হৈছে। সেয়ে ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সদায় এক কলা অধ্যায় ৰূপে চিহ্নিত হৈ থাকিব- আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা।
                                                আলোকচিত্ৰ- ইণ্ডিয়ান এক্সপ্ৰেছ

No comments:

Post a Comment