Sunday, 24 September 2017

নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণৰ পদক্ষেপত এজন কটনিয়ান

                                                                              ৰিংকুমণি পাঠক
  অসমৰ বৰ্ণিল ইতিহাসৰ জীৱন্ত সাক্ষীসমূহৰ ভিতৰত নামদাঙৰ শিলৰ সাঁকো অন্যতম১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত নিৰ্মিত এই সাঁকোখন ভাস্কৰ্য আৰু স্থাপত্য শৈলীৰ দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ। বিগত তিনি শতিকাজুৰি ৩৭ নং (৭১৫নং) ৰাষ্ট্ৰীয় ঘাইপথত সাঁকোখনে সগৌৰৱে শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাবাসীৰ যোগাযোগৰ মাধ্যম হিচাপে সেৱা আগবঢ়াই আহিছে  কিন্তু বহু ঐতিহাসিক ঘটনা-পৰিঘটনাৰ সাক্ষী এই কীৰ্তিচিহ্নই আজিও পৰ্যাপ্ত গুৰুত্ব লাভ কৰা নাই।

  ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকোৰ সংৰক্ষণ, গৱেষণা তথা প্ৰচাৰ-প্ৰসাৰৰ বাবে ওলাই আহিছে এজন কটনিয়ান। কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ স্নাতক শ্ৰেণীৰ উদ্দীপন শৰ্মা নামৰ সপ্ৰতিভ ছাত্ৰগৰাকীয়ে নামদাঙৰ শিলৰ সাঁকোক সগৌৰৱে জীয়াই ৰাখিবলৈ এককভাৱে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ এই বিষয়ে জানিবলৈ দি উদ্দীপনে কয় যে ২০১৩ চনত উচ্চতৰ মাধ্যমিকত পঢ়ি থকাৰ সময়তে তেওঁ  যাত্ৰাৰ পাতনি মেলিছিল। প্ৰথম পদক্ষেপ হিচাপে তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলক সাঁকোখনৰ বৰ্তমানৰ অৱস্থা সম্পৰ্কে সজাগ কৰিবলৈ চেষ্টা চলায়। তাৰ অংশ স্বৰূপে ছাত্ৰগৰাকীয়ে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰে। একেটা বৰ্ষতে উদ্দীপনে বিধানসভাৰ তদানীন্তন অধ্যক্ষ প্ৰণৱ গগৈলৈ এখন পত্ৰ লিখে। প্ৰত্যুত্তৰত প্ৰণৱ গগৈয়ে প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নামদাঙৰ শিলৰ সাঁকোখনৰ পৰা যথেষ্ট আঁতৰেদি পাৰ হৈ যাব বুলি আশ্বাস দিয়ে।

 ২০১৪ চনত উদ্দীপন শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰে। প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে ছাত্ৰগৰাকীৰ চিঠিখন পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগলৈ  পঠিয়ায়উত্তৰত বিভাগটোৱে জনায় যে ঐতিহাসিক শিলৰ সাঁকোখনৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ইয়াৰ কাষেৰে এক চাৰিলেনযুক্ত দলং নিৰ্মাণ কৰা হব। ইয়াৰ উপৰি দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নামদাঙৰ সাঁকোৰ সংৰক্ষণৰ দায়িত্ব ভাৰতীয় পুৰাতত্ব বিভাগৰ ওপৰত ন্যস্ত কৰা হব।

  মানৰ আক্ৰমণ, দ্বিতীয় বিশ্বযুদ্ধ, ১৯৫০ চনৰ বৰ ভূঁইকঁপকে ধৰি নানা ঐতিহাসিক ঘটনা-পৰিঘটনাৰ সাক্ষী নামদাঙৰ শিলৰ সাঁকোক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি তথা  সংৰক্ষণৰ হকে উদ্দীপনে অবিৰতভাৱে চেষ্টা চলাই গৈছে। সেই দায়বদ্ধতাক প্ৰমাণ কৰি ছাত্ৰগৰাকীয়ে প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, ৰাষ্টীয় ঘাইপথ প্ৰাধিকৰণ, পুৰাতত্ব বিভাগ, ৰাজ্যিক গড়কাপ্তানি বিভাগ,  অসম পৰ্যটন নিগম, কেইবাটাও জাতীয় সংগঠন, বিশিষ্ট ব্যক্তিৰ লগতে সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণ আৰু জনমত গঠনৰ প্ৰয়াস অব্যাহত ৰাখিছে। পদক্ষেপ- এ পেচ অৱ্ হ নামেৰে এক গোট গঠন কৰি কেইগৰাকীমান সতীৰ্থৰ সৈতে নান কাৰ্যসূচী হাতত লৈ আহিছে। কটন কলেজ নবীন গোটৰ সক্ৰিয় সহযোগত অনুষ্ঠিত প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰদান কৰা হৈছে নামদাঙৰ শিলৰ সাঁকো বঁটাসাঁকোখনৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে ৰাইজক সজাগ কৰি তুলিবলৈ গুৱাহাটী গ্ৰন্থমেলাত গোটটোৱে পুস্তিকাও বিতৰণ কৰিছে। অসমৰ এক কীৰ্তিচিহ্ন, যাতায়তৰ মাধ্যম নামদাঙৰ শিলৰ সাঁকোৰ উপযুক্ত সংৰক্ষণৰ বাবে এইগৰাকী কটনিয়ানৰ নিৰন্তৰ প্ৰয়াস তথা তেওঁৰ সতীৰ্থসকলৰ সহযোগিতা প্ৰকৃততে প্ৰশংসাৰ যোগ্য।

No comments:

Post a Comment