সাক্ষাৎগ্ৰহণ-ৰিংকুমণি পাঠক
প্ৰশ্ন- আপুনি যোৱা বহুবছৰ ধৰি অসমৰ এগৰাকী অগ্ৰগণ্য
ঔপন্যাসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আপুনি এতিয়ালৈকে কেইখন উপন্যাস ৰচনা কৰিছে
আৰু আৰু সেইকেইখন উপন্যাসৰ ভিতৰত কোনকেইখন
উপন্যাসক আপুনি নিজৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য কীৰ্তি বুলি ভাবে?
অনুৰাধা শৰ্মা পূজাৰী- মই এতিয়ালৈকে এঘাৰখন
উপন্যাস ৰচনা কৰিছোঁ।
জীৱনৰ প্ৰথম উপন্যাস হিচাপে হৃদয় এক বিজ্ঞাপনখন
নিঃসন্দেহে মোৰ বাবে সদা স্মৰণীয় আৰু এক
বিশেষ অনুপ্ৰেৰণা। তাৰ পাছতে, লিখি ভাল পোৱা উপন্যাসৰ কথা ক’লে
নাহৰৰ নিৰিবিলি ছাঁ, জলছবি আৰু সোণ হৰিণৰ চেঁকুৰৰ নাম ল’ম।
কাৰণ আটাইকেইখন উপন্যাসেই মোৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। হৃদয় এক বিজ্ঞাপনো
মোৰ জীৱনৰ সৈতে জড়িত। এই উপন্যাসকেইখন শ্ৰেষ্ঠ সাহিত্য কীৰ্তি বুলি ক’ব নোৱাৰোঁ। কিন্তু লিখি শেষ কৰাৰ পাছত এক ধৰণৰ উপশম অনুভৱ
কৰিছোঁ।
প্ৰশ্ন-আপুনি এগৰাকী সাংবাদিকো আৰু এখন জনপ্ৰিয়
অসমীয়া সাপ্তাহিকৰ সম্পাদক। সাংবাদিকতাই আপোনাৰ সাহিত্য সাধনাত সহায় কৰেনে সমস্যাৰ
সৃষ্টি কৰে?
অনুৰাধা শৰ্মা
পূজাৰী-বেছিভাগ ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰে। কাৰণ সাংবাদিক হোৱাৰ বাবে সামাজিক
নানা কামত জড়িত হৈ পৰিব লাগে আৰু অনাহকত
বহু সময় খৰচ হয়। যাৰ বাবে সাহিত্য সৃষ্টিৰ বাবে যিধৰণৰ সাধনা আৰু মনোসংযোগৰ
(মনঃসংযোগ?) প্ৰয়োজন হয়, তাত ব্যাঘাত জন্মায়। বহু
পৰিমাণে নিভৃত সংবেদনশীলতাক ক্ষতিসাধন কৰে। কিন্তু মই সাংবাদিকতাক পেছা হিচাপে লবৰ কাৰণে
কলকাতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিলোঁ।
আনহাতে বহুক্ষেত্ৰত
সাংবাদিকতাই মানুহৰ ওচৰ চপাৰ সুবিধা কৰি দিয়ে আৰু সমসাময়িক সমাজ তথা সমস্যাক
প্ৰত্যক্ষভাৱে উপলব্ধি কৰাত সহায় কৰে। এই উপলব্ধিয়ে সাহিত্য ৰচনাত মানুহৰ মনস্তত্ব
আৰু সমাজ বিষয়ক শুদ্ধ দৃষ্টিভংগী লোৱাত সহযোগ কৰে।
প্ৰশ্ন-একোখন উপন্যাস ৰচনা কৰিবলৈ আপোনাক কিমান
সময় লাগে?
উপন্যাসখন লিখিবলৈ আৰম্ভ কৰাৰ আগতে সেই বিষয়ে আপুনি অধ্যয়ন, গৱেষণা আৰু পৰিকল্পনা
কৰি লয় নেকি?
অনুৰাধা শৰ্মা
পূজাৰী-সাধাৰণতে মই অধ্যয়ন বা গৱেষণাৰে উপন্যাস ৰচনা কৰা নাই। কেৱল মেৰেং
উপন্যাসখন ৰচনা কৰোঁতে আঠ বছৰ কাল যথেষ্ট গৱেষণা, ভ্ৰমণ আৰু অধ্যয়ন কৰিছিলোঁ। কাৰণ
এই উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ইন্দিৰা মিৰিৰ জীৱন আৰু কৰ্মৰ প্ৰতি মই দায়বদ্ধ
আছিলোঁ। উপন্যাসখনৰ যোগেদি ন্যাসংগতভাৱে ইন্দিৰা মিৰিৰ জীৱন-সংঘাত আৰু
কৰ্মক্ষেত্ৰক বহলভাৱে দাঙি ধৰাৰ প্ৰয়াস কৰিছিলোঁ। ইয়াৰ লগতে প্ৰাক্-স্বাধীনতা আৰু
স্বাধীনোত্তৰ কালৰ অসমৰ ভৌগলিক, ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু আৱেগিক কথাবোৰ
যথাযথভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ বাবে এই গৱেষণাৰ প্ৰয়োজন আছিল।
প্ৰশ্ন-আপুনি প্ৰতিদিনেই লিখিবলৈ বহে নে কেৱল
মুড আহিলেহে লিখে? আপুনি একেলেথাৰিয়ে কেইঘণ্টা লিখে বা
লিখিব পাৰে?
অনুৰাধা শৰ্মা পূজাৰী-বৰষুণ দিলে আৰু গোমা বতৰত লিখাৰ মুড বেছিকৈ আহে। এয়া
কিয় হয়, মই নাজানো। প্ৰতিদিনেই লিখিবলৈ চেষ্টা কৰোঁ। কিন্তু প্ৰায়েই হৈ নুঠে।
এতিয়া একেলেথাৰিয়ে মই চাৰি ঘণ্টা লিখিব পাৰোঁ। আগতে ছঘণ্টালৈকে পাৰিছিলোঁ।
প্ৰশ্ন-আজৰি সময় কটাবলৈ বা পৰিশ্ৰমৰ ক্লান্তি
দূৰ কৰিবলৈ আপুনি সাধাৰণতে কি কি উপায় অৱলম্বন কৰে? কিতাপ
পঢ়া, গান শুনা, ভ্ৰমণ কৰা, বন্ধু-বান্ধৱৰ লগত আড্ডা দিয়া-এইবোৰৰ ভিতৰত কোনটো বা
কোনকেইটা কাম আপোনাৰ বেছি প্ৰিয়?
অনুৰাধা শৰ্মা
পূজাৰী-গান শুনা আৰু খোজ কাঢ়িবলৈ যোৱাটো মোৰ দুটা প্ৰিয় কাম। আজৰি পৰত প্ৰায়েই
অকলশৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সুবৃহৎ ফুলনি বাগিচাখনত খোজ কঢ়াটো মোৰ অতি
আনন্দদায়ক মুহূৰ্ত। কাৰণ তাত সন্ধিয়া অতি সুন্দৰ অসমীয়া গীতবোৰ বাজি থাকে।
প্ৰশ্ন-আপুনি এতিয়ালৈকে যিমানবোৰ কিতাপ পঢ়িছে
সেইবোৰৰ ভিতৰত কোনকেইখন কিতাপে আপোনাৰ মনত স্থায়ী দাগ কাটি থৈ গৈছে বুলি আপুনি
অনুভৱ কৰে?
অনুৰাধা শৰ্মা পূজাৰী-কিশোৰী অৱস্থাত পঢ়া
পাৰ্ল এছ বাকৰ দা গুড আৰ্থ,দা ওৱেভ আৰু আলেকজেণ্ডাৰ ডুমাৰ থ্ৰী মাছকেটিয়াছ-কিতাপকেইখনে
মনত সাঁচ বহুৱাই থৈ গৈছে। পৰৱৰ্তী পৰ্যায়ত হোমেন বৰগোহাঞিৰ সুবালা, বীৰেন্দ্ৰ
কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইংগম, যোগেশ দাসৰ ডাৱৰ আৰু নাই, নিৰুপমা বৰগোহাঞিৰ এই নদী
নিৰৱধি, মামণি ৰয়ছম গোস্বামীৰ নীলকন্ঠী ব্ৰজ, সৌৰভ কুমাৰ চলিহাৰ দুপৰীয়া নামৰ গল্প
সংকলনটো- এই গ্ৰন্থসমূহ মোৰ কলেজীয়া জীৱনত পঢ়া আৰু মনত দাগ কাটি যোৱা সৃষ্টিকৰ্ম।
ইয়াৰ পাছত সময় অনুযায়ী মোৰ ৰুচিও সলনি হৈছে লগতে গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ ভাৱাদৰ্শও
সলনি হৈছে।
প্ৰশ্ন-আমি জানো যে আপুনি এগৰাকী সুগায়িকা।
সমসাময়িক অসমীয়া সংগীতৰ বিষয়ে আপোনাৰ অভিমত কি? জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ,
পাৰ্বতীপ্ৰসাদ-ভূপেন হাজৰিকা-অসমীয়া সংগীতৰ এইকেইটা স্বৰ্ণযুগৰ পাছত অসমীয়া সংগীতত
এটা নতুন যুগৰ আৰম্ভ হৈছে বুলি আপুনি ভাবেনে?
অনুৰাধা শৰ্মা পূজাৰী-অসমীয়া সংগীতৰ সোণালী যুগৰ অন্ত পৰিছে। এক নতুন
ধাৰাৰ আৰম্ভ হৈছে। য’ত ফিউজনৰ প্ৰভাৱ বেছি আৰু অ’ৰিজিনেল মেল’ডীৰ সংজ্ঞা সলনি হৈছে।
প্ৰশ্ন-সমসাময়িক গায়কসকলৰ ভিতৰত আপোনাৰ প্ৰিয়
গায়ক কোন?
অনুৰাধা শৰ্মা পূজাৰী-অনিন্দিতা
পাল, মনজ্যোৎস্না
মহন্ত, তৰালি শৰ্মা আৰু কল্পনা পাটোৱাৰী মোৰ প্ৰিয় গায়িকা। জুবিন আৰু অংগৰাগ পাপন
মহন্তৰ ভালেকেইটা গীত মোৰ প্ৰিয়। ৰূপম ভূঞাও মোৰ প্ৰিয় গায়ক।
প্ৰশ্ন-আপোনাৰ জীৱনৰ এটা আটাইতকৈ সুখৰ অভিজ্ঞতা
আৰু এটা দুখৰ অভিজ্ঞতা আমাক কৈ শুনাবনে?
অনুৰাধা শৰ্মা পূজাৰী-
সুখৰ অভিজ্ঞতা- দহ বছৰ আগতে আমাৰ ঘৰলৈ অহা আলিবাটৰ কোণত নিজ হাতেৰে দুটি সোণাৰু
গছৰ পুলি লগাইছিলোঁ। তাৰে এটি পুলি ৰাস্তা পকী
কৰাৰ সময়ত গৰম আলকাতৰা পৰি মৰি গ’ল। আনটো পুলি মই নিজে
পহৰা দি নানা বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ। যোৱা দহ বছৰ ধৰি এই পুলিটো এজোপা ডাঙৰ গছত
পৰিণত হৈ লমালমে হালধীয়া সোণাৰু ফুল ফুলে। চুবুৰীয়া মানুহে যেতিয়া কোৱা শুনো-
অনুৰাধাৰ সোণাৰু ফুলিল, তেতিয়া অন্তৰখন সুখেৰে ভৰি পৰে। এজোপা গছৰ সৈতে কোনোবাই
মোৰ নামটো জুৰি দিয়াত যি সুখ পোৱা যায়, সেয়া মই আগেয়ে পোৱা নাছিলোঁ।
দুখৰ অভিজ্ঞতা বহুত। তাৰ ভিতৰত
এটা অভিজ্ঞতা এনেধৰণৰ- আমাৰ ঘৰলৈ নিজে অহা এহাল ৰাম পাঁৰক থাকিবলৈ বাহ সাজি
দিছিলোঁ। যোৱা দুবছৰ ধৰি সিহঁত আমাৰ ঘৰৰ সদস্য। যোৱা বছৰৰ পৰা হঠাত দুটা জহামালে
আমাৰ চুবুৰীলৈ অহা আৰম্ভ কৰিলে। এই জহামাল দুটাৰ ৰক্ষণাবেক্ষণত মই প্ৰধান ভূমিকা
লোৱাৰ বাবে চুবুৰীৰ সকলো মানুহে সিহঁতক সহানুভূতিৰ দৃষ্টিৰে চাবলৈ ধৰিলে। কিন্তু
এদিন সিহঁতে আমাৰ পাৰ বাহ কেইটা ভাঙি দুটা পোৱালিৰ সৈতে মাক পাৰজনীক খাই
পেলালে।এতিয়া পুৰুষ পাৰটো নিঃসংগভাৱে বাহটোৰ সন্মুখত বহি থাকেহি। এই ঘটনাই মোক
মৰ্মান্তিক দুখ দিয়াৰ উপৰি জহামালৰ প্ৰতি পূৰ্বে থকা অনুৰাগ ভংগ কৰিলে। এই
অভিজ্ঞতাই মোৰ জীৱনতো অনাহূতভাৱে বহুলোকে ক্ষত-বিক্ষত কৰা বহু দুখৰ বিশ্লেষণ
কৰিবলৈও শিকালে।
প্ৰশ্ন-ঠিক এই মুহূৰ্তত আপুনি কি লিখি আছে?
অনুৰাধা শৰ্মা পূজাৰী-এই মুহূৰ্তত
লিখি আছোঁ মোৰ জীৱনলৈ অহা কেইবাটাও জীৱ-জন্তু আৰু চৰাইৰ সৈতে থকা সুখ আৰু দুখৰ
মুহূৰ্তৰ কিছুমান কাহিনী। কাৰণ শৌশৱৰ পৰা আজিৰ তাৰিখলৈকে জীৱজন্তুৰ সংগই মোৰ জীৱনৰ
অধিকাংশ সময় আগুৰি আছে। মানুহৰ সংগই দিব নোৱৰা বিশ্বাস মই আজীৱন জীৱ-জন্তুৰ পৰা
পাই আহিছোঁ।
পঢ়ি ভাল লাগিল।
ReplyDeleteকথাখিনি পঢ়ি বহুত কথা জানিলোঁ
ReplyDeleteনজনা কথা জানিব পাৰিলো
ReplyDeleteপঢ়ি ভাল লাগিল
ReplyDelete