Saturday, 17 March 2018

দোকমোকালিত গণেশগুৰি



ৰিংকুমণি পাঠক

  দিনৰ সদাব্যস্ত এক অঞ্চল -চিটি বাছৰ কণ্ডাক্টৰৰ চিঞৰ, গাড়ী-মটৰৰ কোৰ্হালত ব্যস্ততাৰ বসন পিন্ধে গণেশগুৰিয়ে। গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু ব্যস্ত অঞ্চল হিচাপে পৰিচিত এই গণেশগুৰি। কিন্তু গণেশগুৰিৰ আছে আন এক ৰূপ। সেই ৰূপ উপভোগ কৰাৰ সৌভাগ্য হয়তো বহুতৰে হোৱা নাই। কিয়নো দিনৰ কোলাহলৰ পৰিৱৰ্তে পুৱতি নিশা ইয়াত বিৰাজ কৰে এক শান্ত-সমাহিত পৰিৱেশে। এই সময়খিনিতো  একাংশ লোক ব্যস্ত হৈ পৰে, কিন্তু এই ব্যস্ততাত নাই কোলাহল, নাই অনাহক দৌৰাদূৰি। আকাশত সুৰূযে ভুমুকি মৰাৰ পূৰ্বে তিনি মান বজাত গণেশগুৰিৰ ফুটপাথত ব্যস্ত হৈ পৰে এইসকল ব্যৱসায়ী। মুখত প্ৰশান্তিৰ হাঁহি একোটি লৈ তেওঁলোকে কাহিলি পুৱাতে চাহ আৰু পিঠা-পনাৰ বিক্ৰী আৰম্ভ কৰে। গণেশগুৰিৰ ফুটপাথত প্ৰায় ৩ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ এইসমূহ অস্থায়ী দোকান দেখা যায়। এওঁলোকে বিক্ৰী কৰা চাহ আৰু লাৰু-পিঠাৰ সোৱাদ লবলৈ ভিৰ কৰে বিভিন্ন শ্ৰেণীৰ মানুহে। বিভিন্ন কাৰণত বিভিন্ন প্ৰয়োজনত ৰাতিপুৱাই ওলাই অহা লোকসকল এই দোকানসমূহৰ গ্ৰাহক। এনেদৰেই  দোকানসমূহক কেন্দ্ৰ কৰি এই সময়খিনিত গণেশগুৰিত সৃষ্টি হয় এক অনন্য পৰিৱেশ। দিনৰ কোলাহলপূৰ্ণ ব্যস্ততাৰ বিপৰীতে কৰ্মই প্ৰদান কৰা প্ৰশান্তিৰ ছবি দেখা যায় গণেশগুৰিত।
  নিশাৰ পেট্ৰলিং ডিউটি শেষ হৈছে তেওঁলোকৰ। এই সময়খিনিত টোপনি আৰু ভাগৰ দূৰ কৰিবলৈ প্ৰয়োজন একাপ চাহৰ। সেয়ে ৰাতিপুৱা ৪ মান বজাত গণেশগুৰিত চাহৰ কাপত চুমুক দিয়া দেখা যায় একাংশ আৰক্ষী জোৱানক। টহল দি থকা হিন্দীভাষী চি আৰ পি এফ জোৱানকেইজনেও জুতি লয় অসমীয়া পিঠা-পনাৰ।  প্ৰকৃততে পুৱতি নিশালৈকে কৰ্তব্যত ব্যস্ত থকা এনে লোকসকলৰ বাবে এই দোকানসমূহৰ গুৰুত্ব অপৰিসীম। কৰ্তব্যৰ তাগিতাদে হওক বা আন কাৰণতে হওক, ৰাতিপুৱাই ওলাই অহা লোকসকলক সেৱা প্ৰদান কৰি আহিছে গণেশগুৰিৰ এইসকল ব্যৱসায়ীয়ে। তাৰ বিনিময়ত তেওঁলোকে আৰ্থিক স্বচ্ছলতাৰো মুখ দেখিবলৈ সক্ষম হৈছে। কেৱল নিৰাপত্তাৰক্ষীসকলেই নহয়, আন বিভিন্নজনে এই দোকানসমূহত ভিৰ কৰে। এইখিনি সময়তে উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বাছসমূহ খানাপাৰা পায়হিউজনি অসমৰ পৰা অহা বহু বাছযাত্ৰীয়ে এই দোকানসমূহতে চাহ একাপ খাই ভ্ৰমণৰ ক্লান্তি দূৰ কৰে। তেওঁলোকৰ বহুতেই গণেশগুৰিৰ হোটেলসমূহত বাহৰ পাতে। সেই বাবে এই চাহৰ দোকানবোৰ তেওঁলোকৰ বাবে সুবিধাজনক। আনহাতে, খানাপাৰাৰ পৰা উজনি অসম তথা মধ্য অসমলৈ কাহিলি পুৱাতে যাত্ৰা কৰা গুৱাহাটীৰ বহু যাত্ৰীয়ে গণেশগুৰিৰ দোকানবোৰত একাপ চাহ খাই যাত্ৰাৰ বাবে সাজু হয়। চৰকাৰী-বেচৰকাৰী খণ্ডৰ নিশাৰ দায়িত্বত থকা কৰ্মচাৰীসকলো পদপথৰ চাহৰ দোকানবোৰৰ নিয়মীয়া গ্ৰাহক। নিশাটো কৰ্তব্যত ব্যস্ত থাকি তেওঁলোকে দোকমোকালিতে এই দোকানবোৰতে খাদ্য গ্ৰহণ কৰে। আনহাতে ৰাতিপুৱা কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে চাহ এটুপি খাই সতেজতা লাভ কৰাৰ উদ্দেশ্যে ইয়াতে ক্ষন্তেক সময় পাৰ কৰে। মূলতঃ এই দোকানকেইখনক কেন্দ্ৰ কৰিয়ে কাহিলি পুৱা  গণেশগুৰিত এক অনন্য পৰিৱেশৰ সূচনা হয়। ব্যস্ততা, কৰ্মনিষ্ঠা আৰু প্ৰশান্তিৰ অপূৰ্ব সমন্বয় ঘটে গণেশগুৰিত।নামী-দামী হোটেল-ৰেষ্টুৰেণ্টে গিজগিজাই থকা অঞ্চলটোত ৰাতিপুৱা সাধাৰণ চাহ দোকানকেইখনত ভিৰ কৰে বিভিন্ন শ্ৰেণীৰ লোকে। কেতিয়াবা হয়তো এখন ইনভা দোকানখনৰ সন্মুখত ৰৈছে, কেতিয়াবা চাহ একাপ খাই কৰ্মময় দিনটোৰ আৰম্ভণি ঘটাইছে এজন চাফাই কৰ্মীয়ে। চিকিত্সালয়ৰ কৰ্মচাৰীৰ পৰা এটি এমৰ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষীজনলৈকে সকলোকে সেৱা প্ৰদান কৰি আহিছে দোকানবোৰে। আনহাতে, ক্ৰমশঃ মানুহৰ মাজত বৃদ্ধি পাইছে স্বাস্থ্য সচেতনতা। সেয়ে, মহানগৰীৰ বহু লোকে প্ৰাতঃভ্ৰমণত ওলাই আহে। ব্যতিক্ৰম নহয় গণেশগুৰিও। গণেশগুৰিৰ ৰাজপথত খোজ কাঢ়িবলৈ বহুসংখ্যক লোক ওলাই আহে। প্ৰাতঃভ্ৰমণত অহা লোকসকলেও পদপথৰ দোকানত চাহ বা পিঠ-লাৰু খাবলৈ ৰয়। স্বাস্থ্য সচেতন লোকসকলে ৰঙা চাহ একাপৰ সৈতে পিঠা-লাৰু খোৱাটো গ্ৰহণযোগ্য বুলিও ভাৱে। কিয়নো এয়া যথেষ্ট স্বাস্থ্যসন্মত। আমি লগ পাইছিলো ছফিউল ইছলাম নামৰ এগৰাকী ব্যক্তিক। দোকান এখনত চাহ আৰু পিঠা খাই থকা লোকজনে নিজৰ খোজ কঢ়াৰ অভ্যাসৰ কথা ব্যক্ত কৰি পদপথৰ ব্যৱসায়ীসকলৰ সহজ-সৰল ব্যৱহাৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ মতে, ব্যৱসায়ীসকলৰ সহজ-সৰল ব্যৱহাৰে দিনটোৰ আৰম্ভণিতে মনটো ইতিবাচকতাৰে সমৃদ্ধ কৰে। কেৱল ছফিউল ইছলামেই নহয়, আন বহু প্ৰাতঃভ্ৰমণকাৰীয়ে এই দোকানসমূহত খাদ্য গ্ৰহণ কৰে।
  দেশৰ অৰ্থনীতিত পদপথৰ ব্যৱসায়সমূহৰ বিশেষ গুৰুত্ব আছে। প্ৰায় সকলো চহৰ-নগৰতে পদপথত বিভিন্ন ব্যৱসায় গঢ়ি উঠে। গুৱাহাটীৰ গণেশগুৰি অঞ্চলৰ ফুটপাথত গঢ়ি উঠা এই দোকানসমূহৰ জৰিয়তেও ব্যৱসায়ীসকলে আৰ্থিক স্বচ্ছলতাৰ বাট দেখিছে। মহেশ্বৰ ডেকা নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে জনায় যে নিশা তিনি বজাৰ পৰা ৰাতিপুৱা সাত বজালৈ দোকান দি তেওঁ প্ৰায় দুই-আঢ়ৈ হাজাৰ টকা লাভ কৰে। বিপুল ডেকা আৰু ৰঞ্জু ডেকা নামৰ এহাল ব্যৱসায়ী দম্পতীয়েও বিক্ৰী যথেষ্ট সন্তোষজনক বুলি মন্তব্য কৰে। যিহেতু ৰাতিপুৱাৰ ভাগতে তেওঁলোকে ব্যৱসায় সামৰে, সেয়ে দিনটোৰ বাকীখিনি সময়ত আন কৰ্মৰ জৰিয়তেও উপাৰ্জন কৰিবলৈ সক্ষম হয়। সেয়ে এই ব্যৱসায় আৰ্থিকভাৱে সুবিধাজনক। নিচেই পুৱাতে পদপথত দোকান দি তেওঁলোকে আৰ্থিকভাৱে সবল হবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে সন্তানৰ শিক্ষা-দীক্ষাতো আশাব্যঞ্জক সফলতা লাভ কৰিছে। আনহাতে এহাল ব্যৱসায়ী দম্পতীয়ে জনায় যে ব্যৱসায়ৰ তাগিতাদ ৰাতিপুৱা সোনকালে শোৱাপাটী ত্যাগৰ অভ্যাসে শাৰীৰিক সুস্থতা লাভতো সহায় কৰিছে। অৰ্থনৈতিক দিশটোক এফালে থৈও আন এক ক্ষেত্ৰত পদপথৰ এই ব্যৱসায়ীসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। যিসময়ত আমাৰ খাদ্যাভাসত ফাষ্টফুডকে ধৰি বিদেশী খাদ্যই অগ্ৰাধিকাৰ লাভ কৰিছে, তেনে সময়তে তেওঁলোকে থলুৱা পিঠা-পনাক জীয়াই ৰখাত বিশেষ ভূমিকা লৈছে। তেওঁলোকে টেকেলি পিঠা, টোপোলা পিঠা, তেল পিঠা, সিজোৱা লাৰু, গাখীৰ পিঠা আদি বিভিন্ন পিঠা লাৰু বিক্ৰী কৰি আহিছে। গুৱাহাটী মহানগৰীত এনেধৰণৰ থলুৱা খাদ্য সম্ভাৰক উপলব্ধ কৰাৰ বাবে তেওঁলোক নিশ্চয় সাধুবাদৰ পাত্ৰ। মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো এই কৰ্মস্পৃহা আৰু সৰলতা সদায় জীয়াই থাকক।

No comments:

Post a Comment