Saturday, 17 March 2018

নিশাৰ গুৱাহাটীৰ আন এক ৰূপ

নিয়মীয়া বাৰ্তাত প্ৰকাশিত
    
ৰিংকুমণি পাঠক
  দেশৰ উত্তৰ-পূব প্ৰান্তৰ দুৱাৰমুখ হিচাপে পৰিগণিত গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহানগৰ হোৱা সত্বেও কিন্তু গুৱাহাটীক এতিয়াও ২৪*৭ জীৱনশৈলীয়ে স্পৰ্শ কৰা নাই। মুম্বাইৰ দৰে The city that never sleeps অভিধা গুৱাহাটীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তাৰ বিপৰীতে বহুতৰে মতে নিশা এঘাৰ বজাৰ পাছত গুৱাহাটী এখন মহানগৰী হৈ নাথাকে। মেট্ৰ চিটীৰ ২৪ ঘণ্টাৰ ব্যস্ততা গুৱাহাটীত দেখা পোৱা নাযায়। দিনত ব্যস্ত, যান-জঁটেৰে ভৰা গুৱাহাটীৰ বহু অঞ্চলেই নিশা নিমাওমাও হৈ পৰে। ৰাতি এঘাৰ মান বজাতে প্ৰায়বোৰ দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে ৰাজপথতো গাড়ী-মটৰ সেৰেঙা হবলৈ ধৰে। নিশা চিটীবাছৰ চলাচলো স্তব্ধ হৈ পৰে। বিশেষ দুই-এক স্থানত ফুটপাথৰ অস্থায়ী চাহ দোকানবোৰ দেখা যায় যদিও, মহানগৰীৰ অধিকাংশ হোটেল-ৰেষ্টুৰেণ্টেই ৰাতি বন্ধ থাকে। কিন্তু ক্ৰমশ: সলনি হবলৈ ধৰিছে গুৱাহাটীৰ ৰেহৰূপ। মেট্ৰ চিটী এখনৰ বিভিন্ন উপাদানৰ উপস্থিতিৰে গুৱাহাটীও দ্ৰুতগতিত সলনি হৈছে, সলনি হৈছে গুৱাহাটীবাসীৰ জীৱনশৈলী। নৈশ গুৱাহাটীৰ এক নতুন ৰূপ দেখা পোৱা গৈছে পূৰ্বৰ জি এছ ৰোড তথা সদ্য নামাংকিত মহাপুৰুষ শংকৰদেৱ পথত। শেহতীয়াকৈ এই পথছোৱাত আৰম্ভ হৈছে এক নতুন ট্ৰেণ্ড। মহানগৰীৰ বাসিন্দাসকলৰ পৰিৱৰ্তিত জীৱন ধাৰণৰ তাগিদাতে গঢ়ি উঠিছে এক বিশেষ খাদ্য বজাৰ।  প্ৰায় খ্ৰীষ্টানবস্তিৰ পৰা পল্টন বজাৰলৈ গঢ়ি উঠিছে এই খাদ্য বজাৰ। এই পথছোৱাত নিশা খোলা থকা একাংশ হোটেল-ৰেষ্টুৰেণ্টক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে নৈশ গুৱাহাটীৰ এক নতুন ৰূপ। পূৰ্বতে চখ পূৰণতেই হওক বা আন কাৰণতেই হওক ৰাতি ওলাই অহা লোকসকলৰ খাদ্য গ্ৰহণৰ বাবে কমসংখ্যক ৰেষ্টুৰেণ্টহে উপলব্ধ আছিল। গুৱাহাটী ৰেল ষ্টেশ্বনৰ সমীপৰ হোটেল কেইখনৰ বাদে  নিশা দুপৰলৈকে খোলা থকা হোটেল-ৰেষ্টুৰেণ্ট পোৱাটো আছিল টান কথা। কিন্তু ক্ৰমশঃ পৰিৱৰ্তন হৈছে ৰাতিৰ গুৱাহাটীৰ ৰেহ-ৰূপ। এই পৰিৱৰ্তনৰ ফলাফল ইতিবাচক নে নেতিবাচক তাৰ উত্তৰ সময়ৰ হাতত যদিও বৰ্তমান ইয়াৰ সুবাদতে ৰাতি খাবলৈ ওলোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই পথছোৱাত গঢ়ি উঠিছে বিভিন্ন অত্যাধুনিক ৰেষ্টুৰেণ্টমূলতঃ মধ্য বিত্তীয় শ্ৰেণী তথা আৰ্থিকভাৱে সবলসকলে নিশা ইয়াত খাদ্য গ্ৰহণৰ বাবে আহে। নিশা প্ৰায় ডেৰ বজালৈকে চলে এই খাদ্য বজাৰ। নিশালৈকে এই পথত ভিৰ বাঢ়ে বিভিন্ন গাড়ী মটৰৰ। গণেশগুৰিৰ পদপথৰ চাহৰ দোকানবোৰৰ বিপৰীতে এয়া আন এক ছবিনিশা এই হোটেল-ৰেষ্টুৰেণ্টবোৰত সকলো শ্ৰেণীৰ লোকৰ সমাগম নঘটে, আৰ্থিকভাৱে সক্ষম চামেহে  ইয়াত ভিৰ কৰে। স্বাভাৱিকতে ৰাতিৰ ৰাজপথতো তেনে আভিজাত্যৰ পয়োভৰ ঘটে। ৰাজপথত ভিৰ কৰা নানী-দামী গাড়ীবোৰে এই আভিজাত্যক প্ৰকট কৰে।
  নিশা ১২ বজাত পোষ্ট অফিচ বাছ ষ্টপেজৰ সমীপত লগ পাইছিলোঁ এগৰাকী যুৱকক। এক ব্যক্তিগত খণ্ডৰ বেংকৰ কৰ্মচাৰী যুৱকগৰাকীয়ে নিজৰ দুগৰাকী বন্ধুৰ সৈতে এখন ৰেষ্টুৰেণ্টত নিশাৰ আহাৰ গ্ৰহণৰ বাবে ওলাই আহিছে। দিনটো যথেষ্ট সময় কৰ্তব্যত পাৰ কৰিবলগীয়া হোৱাৰ বাবে তেওঁ নিশা দেৰিকৈহে আহাৰ গ্ৰহণ কৰে। এয়া অভ্যাসলৈ পৰিণত হোৱা যুৱকগৰাকীয়ে জি এছ ৰোডৰ ৰেষ্টুৰেণ্টবোৰতে প্ৰায়ে খাদ্য গ্ৰহণ কৰে। সততে তেওঁক সংগ দিয়ে আন দুজনমান বন্ধুৱে। দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত নিশাৰ এই সময়খিনি তেওঁৰ বাবে আনন্দদায়ক বুলি আমাক জনায়। এনেদৰে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে ৰাতি বহু লোকেই ওলাই আহে। তেওঁলোকে এই পথছোৱাত থকা ৰেষ্টুৰেণ্টবোৰত ফাষ্টফুডৰ পৰা বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে। মহানগৰীৰ এই অঞ্চলবোৰত গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ গঢ়ি উঠিছে বিভিন্ন ধৰণৰ খাদ্য প্ৰতিষ্ঠান।জে ১৪, গ্ৰীণ ৰিপাব্লিকা, ফুড এক্স, দিলী বাইট, মোগল দৰবাৰৰ নিহাৰছ্, চিক এন চিল্লী আদি হৈ পৰিছে খাদ্য ৰসিকসকলৰ বিশেষ আকৰ্ষণ এই ৰেষ্টুৰেণ্টবোৰত সন্ধিয়াৰ পৰা ৰাতিলৈক ভিৰ অব্যাহত থাকে। অৱশ্যে সকলোবোৰ ৰেষ্টুৰেণ্টেই মাজৰাতি খোলা নাথাকে। চিক এন চিল্লী, মীট দৰবাৰী আদিৰ লগতে ইয়াৰ কাষত থকা কেইবাখনো ৰেষ্টুৰেণ্টত দোভাগ ৰাতিলৈকে গ্ৰাহকৰ ভিৰ দেখা যায়। আনহাতে ডোনা প্লেনেটৰ পি ভি আৰত চিনেমা চোৱাৰ বাবেও ৰাতি বহু লোকৰ আগমন ঘটে। তেওঁলোকেও এনে বিভিন্ন বিপণীত খোৱাৰ আমেজ লয়। দ্ৰুতগতিত আধুনিকতাক আঁকোৱালি লোৱা মহানগৰীৰ এই অঞ্চলত স্থাপন হৈছে বিভিন্ন ব্ৰেণ্ডেড সামগ্ৰীৰ শ্বৰূম, আছে কেইবাখনো শ্বপিং মল। সেয়ে গুৱাহাটীৰ আন অঞ্চলবোৰতকৈ ইয়াত নিশাও মানুহৰ সমাগম অধিক হোৱা দেখা যায়। বহু পৰিয়ালে ৰাতি বজাৰ-সমাৰ কৰি আপোন মানুহবোৰৰ সৈতে খোৱাৰ আনন্দ উপভোগ কৰে। বিশেষকৈ গৰমৰ দিনত ৰেষ্টুৰেণ্টবোৰত গ্ৰাহকৰ সংখ্যা বৃদ্ধি হয়। সন্তানৰ গৰমৰ বন্ধৰ বাবে ওলাই অহা তেনে এক পৰিয়ালৰ সৈতেও আমাৰ সাক্ষাত্ হৈছিল। আগশাৰীৰ এক শ্বৰূমৰ পৰা কাপোৰ কিনি অহা পৰিয়ালটোৱে এ বি চিৰ এখন ৰেষ্টুৰেণ্টত একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে। সপ্তাহৰ আন দিনবোৰতকৈ শনি-দেওবাৰে গ্ৰাহকৰ সংখ্যা বেছি হয় বুলি ৰেষ্টুৰেণ্ট এখনৰ কৰ্মচাৰী এগৰাকীয়ে আমাক জানিবলৈ দিয়ে। সপ্তাহটোৰ ব্যস্ততাৰ অৱসাদ দূৰ কৰিবলৈ বহুতেই শনি-দেওবাৰ বা আন বন্ধৰ দিনত বন্ধু বা আপোনজনৰ সৈতে ৰাতি ওলাই আহে। কেৱল খাদ্য গ্ৰহণেই নহয়, নিশাৰ এই মায়াময়তাই তেওঁলোকক দিয়ে আনন্দৰ বিৰল অনুভৱ। আনহাতে ৰাতিও গ্ৰাহকৰ ভিৰ হোৱা এখন অন্যতম হোটেল হল পল্টনবজাৰৰ জে জিছ। এই হোটেলখন মাজৰাতিলৈকে খোলা থাকে। তদুপৰি ৰেল ষ্টেশ্বনৰ সমীপৱৰ্তী সম্ৰাট, দিলখুছ, ভিক্টোৰিয়া আদি হোটেলত দূৰণিবটীয়া ৰেল যাত্ৰীসকলেই নহয়, গুৱাহাটীৰ বহু বাসিন্দায়ো ৰাতি খাবলৈ যায়।
  ৰাতি খাবলৈ ওলোৱা মানুহৰ সংখ্যা এনেদৰে বাঢ়ি অহাৰ কাৰণো হয়তো অনেক। পৰিৱৰ্ততিত জীৱন শৈলীও ইয়াৰ অন্যতম কাৰণ। লাচিত নগৰৰ পেয়িং গেষ্ট এটাৰ আবাসী ৰাজীৱ নামৰ ছাত্ৰ এগৰাকীয়ে আমাক জনায় যে বিগত কিছু বছৰ ধৰি পুৱতি নিশাহে তেওঁৰ টোপনি অহাটো এক অভ্যাস হৈ পৰিছে। সেয়ে প্ৰায়ে ৰাতি টোপনি নাহিলে তেওঁ খাবলৈ ওলাই যায়। আনহাতে ক্ৰমশ মহানগৰীত ৰাতিৰ যাতায়তো যথেষ্ট সুচল হৈ পৰিছে। বিশেষকৈ কেইবাটাও কেব কোম্পানীয়ে গুৱাহাটীত সেৱা আৰম্ভ কৰাৰে পৰা এইক্ষেত্ৰত সহায়ক হৈছে। বিগত কেইটামান বছৰ ধৰি, বিশেষকৈ জি এছ ৰোডৰ (মহাপুৰুষ শংকৰদেৱ পথ ) পোষ্ট অফিচ বাছ ষ্টপেজৰ পৰা পল্টন বজাৰৰ মাজৰ পথছোৱাত গঢ়ি উঠা দোকান-পোহাৰবোৰক কেন্দ্ৰ কৰি ৰাতিৰ এই পৰিৱেশৰ সৃষ্টি হৈ আহিছে। এই পথছোৱাতেই আকৌ কেইবাখনো বিলাসী বাৰো আছে। গুৰুত্বপূৰ্ণ কথাটো হল যে ৰাতি ওলাই অহা বহু লোকেই সুৰামক্ত অৱস্থাতো থাকে। সেয়ে প্ৰশাসনে ৰাতিৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সঠিকভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে। তদুপৰি নিশা খাবলৈ অহা লোকসকলেও যান বাহন আইন পালন আৰু মহানগৰীখনৰ স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কিয়নো ৰাতি খাদ্য গ্ৰহণ কৰি বহু লোকেই বাট পথ লেতেৰা কৰি থোৱাৰ উদাহৰণো অনেক আছে। তেওঁলোকৰ দায়বদ্ধতাইহে নৈশ গুৱাহাটীৰ এই ৰূপক ইতিবাচক দিশেৰে লৈ যাবলৈ সক্ষম হ

No comments:

Post a Comment