Saturday, 9 March 2019

গুৱাহাটীঃ স্মাৰ্ট চিটীৰ সপোন



 -ৰিংকুমণি পাঠক

  ২০১৪ চনত কেইবাটাও শুনিবলৈ ভাল লগা শব্দক বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান দিয়া হৈছিল ৷ তাৰে ভিতৰত স্মাৰ্ট চিটী অন্যতম ৷ দেশত এশখন স্মাৰ্ট চিটী গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে ৷ ক্ষমতালৈ অহাৰ পাচত স্মাৰ্ট চিটী নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িল সেয়া চৰকাৰখনৰ অন্তিম দিনকেইটাত হিচাপ লোৱাৰ নিশ্চয় প্ৰয়োজন আছে ৷


স্মাৰ্চ চিটী কি?


যদিও স্মাৰ্ট চিটীৰ সৰ্বজনগ্ৰাহ্য এক সংজ্ঞা নাই ভাৰতৰ স্মাৰ্ট চিটী মিছনে ইয়াৰ ব্যাখ্যা এনেদৰে আগবঢ়াইছে-সকলো ধৰণৰ মূল আন্তঃগাঁথনি উপলব্ধ, নাগৰিকসকলৰ উন্নত মানৰ জীৱন ধাৰণ প্ৰণালী, স্বচ্ছ আৰু বহনক্ষম পৰিৱেশ সমৃদ্ধ মহানগৰ একোখনকে স্মাৰ্ট চিটী বুলি ক'ব পাৰি ৷ স্মাৰ্ট চিটীৰ ধাৰণাটোৱে মূলত Sustainable আৰু Inclusive Development ৰ লগতে Smart Solutions ৰ ওপৰত গুৰুত্ব দিয়ে ৷ স্মাৰ্ট চিটীৰ আন্তঃগাঁথনিৰ মূল দিশসমূহ হ'ল-

() পৰ্যাপ্ত পানী যোগান ব্যৱস্থা
() সুনিশ্চিত বিজুলী যোগান
() অনাময় ব্যৱস্থাৰ লগতে আৱৰ্জনা নিষ্কাষণ
() যাতায়তৰ সুবিধা তথা উপযুক্ত ৰাজহুৱা পৰিবহণ ব্যৱস্থা
() আবাসগৃহৰ সুবিধা (দৰিদ্ৰ লোকসকলৰ প্ৰতি বিশেষ গুৰুত্বসহ)
() তথ্য প্ৰযুক্তিৰ বিকাশ আৰু ডিজিটেলাইজেচন
() ৰাইজৰ অংশগ্ৰহণ আৰু E-Governance ৰ জৰিয়তে Good Governance ৰ নিশ্চিতকৰণ
() বহনক্ষম পৰিৱেশ
() ৰাইজৰ নিৰাপত্তা নিশ্চিতকৰণ (বিশেষকৈ মহিলা, শিশু আৰু জ্যেষ্ঠ লোকৰ)
(১০) শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থা


স্মাৰ্ট চিটীৰ বাচনি কেনেদৰে কৰা হৈছিল?
২০১৬ চনৰ জানুৱাৰী মাহত প্ৰথম পৰ্যায়ত বিশখন মহানগৰক স্মাৰ্ট চিটীলৈ উন্নীত কৰাৰ বাবে বাচনি কৰা হৈছিল ৷ এই তালিকাত গুৱাহাটী মহানগৰীকো অন্তৰ্ভুক্ত কৰা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত ২০১৬ চনৰ ছেপ্টেম্বৰত দ্বিতীয়খন তালিকা, ২০১৭ৰ জুনত তৃতীয় আৰু ২০১৮ৰ জানুৱাৰীত চতুৰ্থখন তালিকা প্ৰকাশ কৰা হয় ৷

স্মাৰ্ট চিটী নিৰ্মাণৰ বাবে পুঁজি

স্মাৰ্ট চিটীৰ বাবে মুঠ ধনৰ পৰিমাণ ২০৩১৭২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ৷ প্ৰতিখন চহৰকে কেন্দ্ৰই ৫০০ কোটিকৈ প্ৰদান কৰাৰ বিপৰীতে বাকী অংশ ধন নিজাববীয়াকৈ সংগ্ৰহ কৰিব লাগে ৷


স্মাৰ্ট চিটীৰ কাম কিমান দূৰ আগবাঢ়িছে?

প্ৰথমাৱস্থাত স্মাৰ্ট চিটীৰ কামৰ অগ্ৰগতি তেনেই মন্থৰ আছিল ৷
২০১৭ৰ জানুৱাৰীলৈকে মুঠ অনুমোদিত প্ৰকল্পৰ তিনি শতাংশহে সম্পূৰ্ণ হৈছিল ৷

২০১৮ ৰ জুলাইৰ ভিতৰত সম্পূৰ্ণ হৈছিল মাত্ৰ ২১.৫৬ শতাংশ ৷

একেটা বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত প্ৰায় ৩৩ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছিল ৷

কিন্তু মোকলাই দিয়া ধনৰ হিচাপত নিচেই কম অংশহে ব্যয় কৰা হৈছে ৷ সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদন অনুসৰি ২০১৮ৰ মাৰ্চলৈকে মোকলাই দিয়া মুঠ ধনৰ ১.৮৩ শতাংশহে খৰচ কৰা হৈছে ৷ একেটা বছৰৰ ডিচেম্বৰলৈকে প্ৰথম পৰ্যায়ৰ দহখন স্মাৰ্ট চিটীয়েই লাভ কৰা ধনৰ আধা অংশও ব্যৱহাৰ কৰাত বিফল হয় ৷ ইয়াৰ ভিতৰত ১.৭২ শতাংশৰে গুৱাহাটীৰ প্ৰদৰ্শন আটাইতকৈ পুতৌজনক ।


কেতিয়া স্মাৰ্ট হব গুৱাহাটী ?
গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা, কাৰ্যকৰীকৰণৰ লগতে নিৰীক্ষণৰ সমস্ত দিশসমূহ চোৱাচিতা কৰি আহিছে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে (GSCL ) ৷ ইয়াক SPV অৰ্থাৎ স্পেচিয়েল পাৰপ'জ ভেহিকেল বুলি কোৱা হয় ৷

গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে নিৰ্মাণ কৰিবলৈ কিমান ধন লাগিব?
গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ বাবে প্ৰস্তাৱিত ব্যয় প্ৰায় ২২৯৬ কোটি টকা ৷
ইয়াৰে ABD অৰ্থাৎ Area Based Development ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১৫৭৯ কোটি টকা আৰু Pan City ৰ বাবে ৬২২ কোটি ৷


তলত প্ৰকল্প তালিকাখন হুবহু ৰূপত উপস্থাপন কৰা হ'ল-

Project List
Area Based Development
S. N.       Project Details
1              Development of Borsola Beel (Lake)
2              Mora Bharalu River
3              Bharalu River
4              Brahmaputra Riverfront Development
5              Deepor Beel (Lake/Wetland)
PAN CITY
S. N.       Project Details
1              ICT- Smart Poles & OFC
2              ICT- System Integrator
3              ICT- City Operation Centre Building
4              ICT- Improvement of Roads/Footpath/Traffic Junctions (Package 1)
5              ICT- Improvement of Roads/Footpath/Traffic Junctions (Package 2)
6              ICT- Airport Road
Other Projects
S. N.       Projects
1              Gandhi Mandap - Guwahati Prime Hill Site Redevelopment
2              GIS Mapping
3              ATW (Any Time Water)
4              Roof Top Solar Mission (Govt. Building)
5              Smart Bio-Toilet
Other Projects (Proposed as Per SCP RFP) – II
                Bus Stop Wholly developed by the Private organizer (100%) on BOT Model
                Smart Road- PWD (World Bank Funded)

গুৱাহাটীক স্মাৰ্ট চিটী কৰাৰ নামত ২২৯৬ কোটিৰ কিমান টকা খৰচ কৰা হ'?

২০১৮ চনৰ ডিচেম্বৰলৈকে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত খৰচ কৰা হৈছে মাত্ৰ ১৬ কোটি ৷

১৬ কোটি টকা ক'ত খৰচ কৰা হ'?


চূড়ান্ত টোগলকী কাৰবাৰেৰে প্ৰস্তুত কৰা গান্ধী মণ্ডপৰ বিশাল পতাকাখনত স্মাৰ্ট চিটী প্ৰকল্পৰেই ধন ব্যয় কৰা হৈছে ৷ আসাম ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি অধিকাংশ ধন বায়' টয়লেট, পানীৰ এ টি এম, প্ৰকল্পৰ পৰিকল্পনা, প্ৰতিবেদন প্ৰস্তুত, কাৰ্যালয় পৰিচালনা আদিত খৰচ কৰা হৈছে ৷

কামৰ এনে মন্থৰ গতি আৰু গান্ধী মণ্ডপৰ পতাকাৰ দৰে অপৰিকল্পিত কাম কাজে গুৱাহাটীক কেতিয়া স্মাৰ্টনেছৰ সাজ পিন্ধাব সেয়া এতিয়াও সন্দেহৰ বিষয় ।

(SCROLL.IN, Economic Times, Smart Cities Mission, Assam Tribune আদিৰ তথ্যৰ ভিত্তিত লেখাটো প্ৰস্তুত কৰা হৈছে)
Photo Courtesy: https://gscl.assam.gov.in, https://gscl.assam.gov.in

No comments:

Post a Comment