ৰিংকুমণি পাঠক
ভাতমুঠি যোগাৰ কৰাটোৱেই তেতিয়া পৰিয়ালটোৰ বাবে মূল চিন্তা আছিল । ডাঙৰ পৰিয়ালটোত এবেলা খালে আনবেলা লঘোণে থাকিবলগীয়া অৱস্থা । ধনৰ অভাৱত তেওঁ স্নাতক শিক্ষা আধাতে সামৰিলে । ওচৰৰে দুই-এজন ছাত্ৰ-ছাত্ৰীক টিউচন কৰি মাহেকত দুশ-তিনিশ টকা পায় ।তাৰে কিতাপ কিনে, কিতাপ মানে হোমেন বৰগোহাঞিৰ কিতাপ । আৰু বাকীখিনি খৰচ কৰে গছপুলি ৰোৱাত । সামান্য উপাৰ্জনৰ ধনেৰে তেওঁ বাঁহ কিনে, গছপুলিবোৰ ৰক্ষা কৰিবলৈ ঘেৰ দিয়ে । বহুতে তেঁওক পাগল বুলি হাঁহে ।
![]() |
এই যাত্ৰা অবিৰত |
এয়া বঙাইগাঁৱৰ তুলুঙীয়াৰ বুদ্ধেশ্বৰ ৰায়ৰ কাহিনী । ২০০১ চনৰ পৰা লোকজনে নিৰৱচ্ছিন্নভাৱে ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰি আহিছে । নিজৰ ধন খৰচ কৰিয়েই তেওঁ অব্যাহত ৰাখিছে পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ মহা সংগ্ৰাম । বিগত দুটা দশকত বুদ্ধেশ্ব ৰায়ে ৰুইছে হাজাৰ হাজাৰ গছপুলি । কেৱল গছপুলি ৰোপণ কৰাই নহয়, সেইবোৰৰ প্ৰতিপালনৰ দায়িত্ব পালন কৰিছে ৰায়ে । যাৰ ফলত তেওঁ ৰোৱা অসংখ্য গছপুলি এতিয়া একোডাল বৃহৎ বৃক্ষলৈ ৰূপান্তৰ হৈছে, সেউজীয়া হৈ পৰিছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক সুদীৰ্ঘ অংশ ।
![]() |
বুদ্ধেশ্বৰ ৰায়ে সেউজীয়া কৰি তোলা ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ |
বুদ্ধেশ্বৰ ৰায়ৰ মতে-"জীয়াই থকালৈকে পৃথিৱীখনক সেৱা কৰি যাম । উত্তৰ পুৰুষৰ হাতত এখন সেউজ পৃথিৱী অৰ্পণ কৰাই মোৰ লক্ষ্য" ।
এতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বুদ্ধেশ্বৰ ৰায়ৰ পূৰ্বৰ সেই আৰ্থিক দৈন্য দূৰ হ'লেও লোকজনে দৰমহাৰ অধিকাংশ ব্যয় কৰে গছপুলি ৰোপণ আৰু সেইবোৰ লালন-পালনত । বহুতেই বহু কথা কয়, পিছলৈ ঘূৰি চাবলৈ তেওঁৰ আহৰি নাই । এই অবিৰাম যাত্ৰাত তেওঁক সংগ দিছে লিৰোৰাম ৰায়ৰ দৰে কিছুসংখ্যক নিষ্ঠাৱান সহযোগীয়ে ।
![]() |
সহযোগী লিৰোৰাম ৰায়ৰ সৈতে গছপুলি বিতৰণ |
সুন্দৰ
ReplyDeleteধন্যবাদ
ReplyDelete