ৰিংকুমণি পাঠক
বিগত ডেৰটা বছৰত সলনি হৈছে পৃথিৱীৰ স্বাভাৱিকতা। অতদিনে চলি অহাৰ দৰে চলা নাই এই পৃথিৱী। ক'ভিডে প্ৰায়সংখ্যক ক্ষেত্ৰতে আনিছে পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান। এনে প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই গ্ৰন্থ জগতখনো। অতিমাৰীয়ে গ্ৰন্থ উদ্যোগটোত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে।
চকুৰ সন্মুখতে পাণবজাৰৰ গ্ৰন্থ উদ্যোগৰ ওপৰত ক'ৰোনাৰ প্ৰভাৱ আমি দেখিছোঁ। ক'ভিডৰ প্ৰভাৱ কেৱল পাণবজাৰতেই নহয় , বিশ্বৰ বিভিন্ন দেশৰ গ্ৰন্থ ব্যৱসায়তো পৰিছে। তাৰ মাজতে গ্ৰন্থ উদ্যোগৰ সৈতে জড়িত একাংশ প্ৰতিষ্ঠান বা ব্যক্তিয়ে অভিনৱত্বৰ সন্ধান কৰিছে।
মেভাৰিক নামৰ এটা প্ৰতিষ্ঠানে ‘The Impact of COVID-19 on the UK Publishing Industry’ শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে।
প্ৰতিবেদনত ইংলেণ্ডৰ প্ৰকাশন জগতৰ বহু নতুন দিশৰ উন্মোচন কৰা হৈছে।
ক'ভিডৰ ফলত কিতাপ প্ৰকাশ আৰু বিক্ৰীৰ সমগ্ৰ ব্যৱস্থাটো ব্যাহত হৈ পৰাত ইংলেণ্ডৰ বহু প্ৰকাশন গোষ্ঠীয়ে ডিজিটেল মাধ্যমৰ আশ্ৰয় লৈছে।
বিশেষকৈ বিদ্যায়তনিক আৰু গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা প্ৰতিষ্ঠানসমূহে ডিজিটেল ফৰ্মেটত পাঠকৰ চাহিদা পূৰণ কৰিবলৈ লৈছে। তেওঁলোকে নতুনকৈ গ্ৰন্থ প্ৰকাশৰ লগতে পূৰ্বে ছপা আকাৰত উপলব্ধ চাহিদা থকা গ্ৰন্থসমূহক ডিজিটেল ৰূপ দিছে।
ইয়াৰ দ্বাৰা মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকল উপকৃত হৈছে।
কিন্তু ইয়াৰ বাবে ছপা গ্ৰন্থ আৰু ই-বুক প্ৰকাশ ব্যৱস্থাটোৰ মাজত থকা পাৰ্থক্য অনুধাৱন কৰাটো অতি প্ৰয়োজন।
ডিজিটেল কিতাপ প্ৰকাশ কৰিবলৈ হ'লে সম্পূৰ্ণ এক ডিজিটেল মানসিকতা গ্ৰহণ কৰাটো দৰকাৰ। তাৰ লগতে নিখুঁতভাৱে গ্ৰাহকৰ লগত সম্পৰ্ক ৰক্ষাত গুৰুত্ব দিব লাগে। কাৰিকৰী কুশলতাও অন্যতম লক্ষণীয় দিশ।
ক'ভিডসৃষ্ট পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিশ্বৰ বহু আগশাৰীৰ প্ৰকাশনে পি অ' ডি (প্ৰিণ্ট-অন-ডিমাণ্ড) উপায় অৱলম্বন কৰিছে। অৰ্থাৎ অৰ্ডাৰ লাভ কৰাৰ পাছতহে এখন কিতাপ ছপা কৰা হয়। পি অ' ডিৰ বাবে ব্যৱহৃত প্ৰযুক্তিও সুকীয়া। কিয়নো পৰম্পৰাগত প্ৰযুক্তিৰে এটা-দুটা কপি প্ৰকাশ কৰাটো আৰ্থিকভাৱে লাভজনক নহয়।
ব্লাৰ্ব, ক্ৰিয়েটস্পেচ, লাইটনিং চ'ৰ্ছ, লুলু আদি গোষ্ঠীয়ে এই নতুন ব্যৱস্থা আৰম্ভ কৰিছে। প্ৰযুক্তিৰ বিকাশৰ লগে লগে চেলফ্ পাব্লিচিং অৰ্থাৎ স্বপ্ৰকাশনৰ ধাৰণাটোৱেও প্ৰাধান্য লাভ কৰিছে। কোনো প্ৰকাশক নোহোৱাকৈ লেখকে সকলো নিজাকৈ কৰি গ্ৰন্থ প্ৰকাশ কৰাটোৱেই স্বপ্ৰকাশনৰ মূল কথা। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ আছে।
আনহাতে Reportlinker.com-ৰ "Book Publishers Global Market Report 2021: COVID 19 Impact and Recovery to 2030"ত গ্ৰন্থ জগতৰ এখন আশাব্যঞ্জক ছবি দেখা পোৱা যায়। এই প্ৰতিবেদনৰ মতে ২০২০ চনৰ ৮৭.৯২ ৰ পৰা ৯২.৬৮ বিলিয়ন ডলাৰলৈ (৫.৪ শতাংশ বছৰেকীয়া হাৰ) বিশ্বৰ গ্ৰন্থ প্ৰকাশৰ বজাৰখনৰ অগ্ৰগতি ঘটিব। তিনি শতাংশ বৃদ্ধিৰে এই বজাৰখন ২০২৫ চনত ১০৪.২১ বিলিয়ন ডলাৰৰ হৈ পৰিব।
এই প্ৰতিবেদনত প্ৰকাশিত তথ্যৰ মতে ২০২০ চনত এচিয়া পেচিফিক অঞ্চলে বিশ্বৰ গ্ৰন্থৰ বজাৰৰ ৩৪ শতাংশ দখল কৰিছিল। উত্তৰ আমেৰিকাৰো হাৰ আছিল ৩৪ শতাংশ। গ্ৰন্থ প্ৰকাশ তথা ব্যৱসায়ৰ ক্ষেত্ৰত একেবাৰে পিছপৰি ৰয় আফ্ৰিকা।
২০৩০ চনৰ ভিতৰত ছপা কিতাপৰ উদ্যোগত -২.৮ শতাংশ হ্ৰাস আৰু ই-বুকৰ ১১.৭ শতাংশ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে এই প্ৰতিবেদনে।
গ্ৰন্থ উদ্যোগক ইমানদিনে জৰ্জৰিত কৰি অহা সমস্যাবোৰক ক'ভিড পৰিস্থিতিয়ে তীব্ৰতা প্ৰদান কৰিছে। তাৰ লগতে নতুন ধ্যান-ধাৰণাৰো বাট মুকলি কৰি দিছে অতিমাৰীসৃষ্ট এই পৰিৱেশে।
No comments:
Post a Comment