![]() |
Photo by Mathias P.R. Reding: https://www.pexels.com/photo/sign-stop-war-on-protest-against-war-11421076/ |
ৰিংকুমণি পাঠক
যুদ্ধ মানেই মানৱতাৰ হত্যা। যুদ্ধ মানেই অন্তহীন নিৰ্যাতন আৰু শোষণ। ইতিপূৰ্বে চলি থকা বিভেদ আৰু ব্যভিচাৰবোৰ যুদ্ধৰ সময়ত অধিক ভয়াৱহ হৈ পৰে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ ফলত সৃষ্ট বিভীষিকাৰ সময়তো একেই পৰিৱেশ দেখা পোৱা গৈছে। যুদ্ধৰ ভয়াৱহতাৰ মাজত ইউক্ৰেইন ত্যাগ কৰি আন দেশত নিৰাপত্তা বিচাৰি সীমান্ত পাৰ হ’ব বিচৰা অনা-শ্বেতাংগ লোকসকলে চূড়ান্ত বৰ্ণ বৈষম্যৰ সন্মুখীন হ’বলগীয়া হৈছে। দেশখনৰ পশ্চিম প্ৰান্তৰৰ সীমান্ত পাৰ হৈ পোলেণ্ড, শ্লভাকিয়া, হাংগেৰী, ৰোমানিয়া, মলডভা আদিত নিৰাপত্তাৰ সন্ধান কৰা ভাৰতীয় ছাত্ৰকে ধৰি অনা-শ্বেতাংগ লোকসকলৰ ওপৰত ইউক্ৰেইনিয়ান নিৰাপত্তা বাহিনীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকক ৰে’ল, বাছত উঠিবলৈ বাধা দিয়া হৈছে। প্ৰচণ্ড শীতত খোজকাঢ়ি সীমান্ত পাৰ হ’বলৈ নিৰ্দেশ দিছে নিৰাপত্তা বাহিনীয়ে।
সাক্ষী নামৰ ভাৰতীয় ছাত্ৰী এগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি পাঁচশজন ইউক্ৰেইনিয়ানৰ পাছতহে ত্ৰিশজনমান ভাৰতীয় ছাত্ৰ-ছাত্ৰীক পাৰ হ’বলৈ দিয়া হৈছে। প্ৰথম চেক পইণ্টৰ পৰা দ্বিতীয় চেক পইণ্টলৈ ৪-৫ কিল’মিটাৰ ব্যৱধান যদিও এই সমস্ত পথ ভাৰতীয় বা আন দেশৰ নাগৰিকসকলে খোজকাঢ়ি পাৰ হ’বলগীয়া হয়। ইউক্ৰেইনৰ নাগৰিকসকলে অৱশ্যে টেক্সি বা বাছৰ সুবিধা লাভ কৰে।
ছাত্ৰীগৰাকীৰ
মন্তব্য—ভাৰতীয়
আৰু
আন
দেশৰ
নাগৰিকসকলৰ
প্ৰতি
তেওঁলোক
অতিকৈ
বৰ্ণবাদী।
এগৰাকী নাইজেৰিয়ান
ছাত্ৰক
ইউক্ৰেইনৰ
নিৰাপত্তাৰক্ষীয়ে
কৈছে—“If
you are Black, you should walk.”
তদুপৰি সীমান্ত
পাৰ
হ’ব
খোজা
ছাত্ৰ-ছাত্ৰীসকলে
ইউক্ৰেইনিয়ান
গাৰ্ডৰ
দ্বাৰা
শাৰীৰিক
আক্ৰমণৰো
বলি
হ’বলগীয়া
হৈছে। ইউক্ৰেইনৰ
ভূখণ্ডত
ৰাছিয়াৰ
আক্ৰমণৰ
প্ৰকোপ
বৃদ্ধি
পাবলৈ
ধৰাত
নিৰাপদ
আশ্ৰয়
বিচাৰি
যুদ্ধবিধ্বস্ত
দেশখন
ত্যাগ
কৰিছে
অগণন
লোকে।
নিজ
দেশলৈ
উভতি
যাব
খোজা
বা
আন
দেশত
নিৰাপত্তা
বিচৰা
এইসকল
লোকে
সন্মুখীন
হৈছে
বিভিন্ন
সমস্যাৰ।
ভাৰত
চৰকাৰৰ
ফালৰ
পৰাও
ভাৰতীয়সকলক
ইউক্ৰেইন
ত্যাগ
কৰি
নিৰাপদ
ঠাইলৈ
স্থানান্তৰিত
হ’বলৈ
আহ্বান
জনোৱা
হৈছে।
তেনে
সময়তে
দেহৰ
বৰণ,
গোষ্ঠী,
নাগৰিকত্ব
আদিৰ
ওপৰত
ভিত্তি
কৰি
হোৱা
এই
বিভাজনে
যুদ্ধৰ
দুসময়ক
অধিক
ভয়াৱহ
কৰি
তুলিছে।
এই বৈষম্যই
বিভিন্ন
মহলত
তীব্ৰ
প্ৰতিক্ৰিয়াৰ
সৃষ্টি
কৰিছে।
ৰাষ্ট্ৰসংঘয়ো
এনে
আচৰণক
গৰিহণা
দিছে। ইউক্ৰেইনিয়ান,
অনা-ইউক্ৰেইনিয়ান,
ইউৰোপিয়ান,
অনা-ইউৰোপিয়ানৰ
মাজত
বিভেদ
সৃষ্টি
নকৰিবলৈ
ৰাষ্ট্ৰসংঘই
আহ্বান
জনাইছে।
কিন্তু, ইয়াৰ মাজতে কেইবাটাও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ সাংবাদিকে অনা-ইউৰোপীয় লোকসকলৰ প্ৰতি নিন্দনীয়ভাৱে বৰ্ণবাদী টিপ্পনী কৰিছে।
![]() |
'অসমীয়া প্ৰতিদিন'ত প্ৰকাশিত |
সততে কা, এনআৰচি আদি প্ৰসংগত ভাৰত তথা অসমত বৈষম্য, জেন’ফবিয়া,
ইছলাম’ফবিয়া
দেখা
আলজাজিৰাৰ
সাংবাদিকে
যুদ্ধৰ
বাতৰিৰ
নামত
নিজৰ
অসংবেদনশীলতাৰ
পৰিচয়
দাঙি
ধৰিছে।
চেনেলটোৰ
পিটাৰ
ডবি
নামৰ
ইংৰাজী
বাতৰি
পৰিৱেশকগৰাকীয়ে
টেলিভিচন
পৰ্দাতে
আৰৱ
আৰু
উত্তৰ
আফ্ৰিকাৰ
লোকসকলৰ
প্ৰতি
অতি
অপমানসূচক
মন্তব্য
প্ৰদান
কৰিছে।
নিজ দেশৰ
পৰা
পলায়ন
কৰা
ইউক্ৰেইনিয়ানসকলৰ
সন্তৰ্ভত
মতামত
দিবলৈ
গৈ
তেওঁ
কয়—“তেওঁলোকলৈ চাওক, তেওঁলোকৰ পোছাক-পৰিচ্ছদ চাওক। তেওঁলোক
চহকী,
মধ্যবিত্তীয়
লোক।
তেওঁলোক
যুদ্ধত
মধ্য
প্ৰাচ্যৰ
পৰা
পলাই
অহা
শৰণাৰ্থী
নহয়।
উত্তৰ
আফ্ৰিকাৰ
পৰা
পলায়ন
কৰা
লোকো
নহয়।আপোনাৰ
ঘৰৰ
ওচৰৰ
যিকোনো
ইউৰোপিয়ান
পৰিয়ালৰ
দৰেই
তেওঁলোকক
দেখি।”
এই মন্তব্যৰ
ফলত
সাংবাদিকগৰাকীৰ
লগতে
চেনেলটোৱে
বিভিন্ন
পক্ষৰ
পৰা
তীব্ৰ
গৰিহণা
আৰু
নিন্দাৰ
সন্মুখীন
হ’বলগীয়া
হৈছে।
এনেধৰণৰ
সমালোচনাত
সেও
মানি
চেনেলটোৱে
ক্ষমা
খুজিবলৈও
বাধ্য
হয়।
আমেৰিকাৰ সংবাদ গোষ্ঠী চিবিএছৰ চাৰ্লি দিআগাটা নামৰ সাংবাদিকগৰাকীও বৰ্ণবাদী সাংবাদিকতাৰ অন্যতম উদাহৰণ। কীভৰ পৰা যুদ্ধৰ খবৰ দিয়া চাৰ্লিয়ে ইউক্ৰেইনৰ যুদ্ধকালীন পৰিস্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে। কিয়নো এয়া ইৰাক বা আফগানিস্তান নহয়। ইউক্ৰেইন হৈছে আপেক্ষিকভাৱে সভ্য আৰু ইউৰোপিয়ান দেশ।
লণ্ডনৰ দ্যা
টেলিগ্ৰাফ
কাকতৰ
ডেনিয়েল
হান্নান
নামৰ
সাংবাদিকগৰাকীয়েও
তেওঁৰ
বৰ্ণ
বৈষম্যবাদী
চিন্তা
প্ৰকাশ
কৰাত
পিছ
পৰি
থকা
নাই।
৬
ফেব্ৰুৱাৰীত
ইউক্ৰেইন
সন্দৰ্ভত
তেওঁ
লিখিছে—
"তেওঁলোকক দেখাত
আমাৰ
দৰে
লাগে। সেয়াই
আচৰিত
বিষয়। যুদ্ধ
এতিয়া
কেৱল
দৰিদ্ৰ
আৰু
প্ৰান্তীয়
মানুহৰ
ক্ষেত্ৰত
নহয়। এয়া
যিকোনো
লোকৰ
ক্ষেত্ৰত
হ'ব
পাৰে।"
অনুৰূপধৰণে
ফ্ৰান্সৰ
বিএফএম
টিভিৰ
এগৰাকী
সাংবাদিকেও
ইউৰোপীয়-অনা-ইউৰোপীয়ৰ
বৈষম্যমূলক
তুলনা
দাঙি
ধৰিছে।
সাংবাদিকগৰাকীৰ
মতে
তেওঁ
ছিৰিয়াৰ
যুদ্ধত
পলায়ন
কৰা
লোকসকলৰ
কথা
কোৱা
নাই।
ইউক্ৰেইনিয়ানসকল
ছিৰিয়াৰ
লোকসকলৰ
দৰে
নহয়।
এওঁলোক
ইউৰোপীয়,
এওঁলোক
নিজা
মানুহ।
আনহাতে ইউক্ৰেইনত
প্ৰতিদিনে
নীলা
চকু
আৰু
সোণালী
চুলিৰ ইউৰোপীয়
লোকসকলৰ
মৃত্যু
হৈছে
বুলি
বিবিচিৰ
এক
অনুষ্ঠানত
ভাগ
লৈ
ইউক্ৰেইনৰ
এগৰাকী
বিষয়াই
দুখ
প্ৰকাশ
কৰে।
বৰ্ণবাদী
সাংবাদিকতা
সন্দৰ্ভত 'The Arab and Middle Eastern Journalists
Association (AMEJA)'-এ ক্ষোভ প্ৰকাশ কৰিছে। এই ধৰণৰ ভাষ্যই পশ্চিমীয়া সাংবাদিকতাই মধ্য প্ৰাচ্য, আফ্ৰিকা, দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকাৰ যুদ্ধৰ ট্ৰেজেডীক স্বাভাৱিক হিচাপে গণ্য কৰাৰ মানসিকতাক প্ৰতিফলিত কৰে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰে।
যুদ্ধৰ সংহাৰৰ
মাজতে
দেখা
দিয়া
এনেধৰণৰ
বৈষম্য
আৰু
একাংশৰ
অবিবেচক
মন্তব্য
নিতান্তই
চিন্তনীয়।
কিয়নো
বহু যুদ্ধৰ
আঁৰত
থকা
কাৰণসমূহৰ
ভিতৰত
বৰ্ণবাদো
অন্যতম
হিচাপে পৰিগণিত হৈ আহিছে।
No comments:
Post a Comment